Class 7 Science Chapter 2 শৰীৰত খাদ্যৰ ব্যৱহাৰ Assam Jatiya Bidyalay Question and Answer Class 7 Science chapter 2 শৰীৰত খাদ্যৰ ব্যৱহাৰ all questions and answer Assam Jatiya Bidyalay শৰীৰত খাদ্যৰ ব্যৱহাৰ all MCQ questions and answers class 7 science chapter 2 Assam jatiya bidyalay.

Class 7 Science Chapter 2 শৰীৰত খাদ্যৰ ব্যৱহাৰ

প্রশ্নাৱলীৰ উত্তৰ

1) খালী ঠাই পূৰ কৰা।

i) খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক _______ বোলা হয়।

উত্তৰ:- খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক ভক্ষণ বোলা হয়।

॥) এমিবাৰ খাদ্য গ্রহণ প্রণালীক _______ বোলা হয়।

উত্তৰ :- এমিবাৰ খাদ্য গ্রহণ প্রণালীক অন্তঃগ্রহণ বোলা হয়।

iii) পাচনৰ পিছত সৰল উপাদানবোৰ _______ পদ্ধতিৰে তেজত সোমায়।

উত্তৰ:- পাচনৰ পিছত সৰল উপাদানবোৰ অৱশোষণ পদ্ধতিৰে তেজত সোমায়।

iv) ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্রবৰদ্ধ থাকে যাক _______ বোলে।

উত্তৰ:- ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্রবৰদ্ধ থাকে যাক ভিলাই বোলে।

v) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল _______।

উত্তৰ:- মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল যকৃৎ

vi) এমিবাৰ খাদ্য _______ হজম হয়।

উত্তৰ:- এমিবাৰ খাদ্য খাদ্যৰিক্তিকাত হজম হয়।

2. তলত দিয়া বাক্যবোৰ শুদ্ধ নে ভুল উল্লেখ কৰা:

i) মানুহৰ প্ৰত্যেক হনুতে তিনিযোৰ পুৰঃ পেষক দাঁত থাকে।

উত্তৰ:- অশুদ্ধ।

ii) ৰোমলুক প্ৰাণীৰ পাকস্থলীত চাৰিটা কোঠালি থাকে।

উত্তৰ :- শুদ্ধ

iii) মাংসভোজী প্ৰাণীৰ ছেদক দাঁতবোৰ জোঙা হয়।

উত্তৰ :- শুদ্ধ।

iv) শৰ্কৰাৰ পাচন পাকস্থলীত আৰম্ভ হয়।

উত্তৰ :- অশুদ্ধ।

v) খাদ্যৰ সম্পূৰ্ণ পাচন ক্ষুদ্রান্ত্রত সম্পন্ন হয়।

উত্তৰ :- শুদ্ধ।

vi) এমিবাৰ খাদ্য খাদ্যৰিক্তিকাত হজম হয়।

উত্তৰ :- শুদ্ধ।

3. শুদ্ধ উত্তৰটো বাছি উলিওরা ;

i) তলত দিয়া কোনবিধ দাঁত মাংসভোজী প্রাণীয়ে মাংস ছিঙিবলৈ ব্যৱহাৰ কৰে ?

a) ছেদক b ) পুৰ পেষক ) পেষক d) কৃন্তক

উত্তৰঃ a) ছেদক ।

ii ) হাতীৰ কোনবিধ দাঁত জোঙা হৈ বাহিৰলৈ ওলাই যায় ?

a) ছেদক b ) পুনঃপেষক c) পেষক d ) কৃষক

উত্তৰঃ d) কৃন্তক।

iii) তলত দিয়া কোনবিধ অংগৰ জৰিয়তে এমিবাই খাদ্য গ্ৰহণ কৰে ?

a) পাকস্থলী b ) কুটপদ ) জিভা d) স্পর্শক

উত্তৰঃ b) কুটপদ

iv) পাচন নোহোৱা আহাৰৰপৰা পানীত অৱশোষণ কোন অংশত হয় ?

a) পাকস্থলীত b ) ক্ষুদ্রান্ত্রত) বৃহদান্ত্রত d) গ্ৰাসনলীত

উত্তৰঃ c) বৃহদান্ত্রত

v) তলত দিয়া কোনবিধ অংগ পাচনতন্ত্ৰৰ অন্তৰ্গত নহয় ?

a) পাকস্থলী b) যকৃত c) হাওঁফাওঁ d) অগ্ন্যাশয়

উত্তৰঃ c) হাওঁফাওঁ।

4. এটা বাক্যত উত্তৰ দিয়া।

a) কোনবিধ শৰ্কৰা ৰোমন্থক প্রাণীয়ে হজম কৰিব পাৰে?

উত্তৰঃ চেলুল’জক ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পাৰে।

b) মানুহৰ পাচনতন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্রন্থিটো কি?

উত্তৰঃ মানুহৰ পাচন তন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্রন্থিটো হ’ল যকৃৎ।

c) পাচন নলীৰ কোনটো অংশত পাচন কার্য সম্পূর্ণ হয় ?

উত্তৰঃ পাচন নলীৰ ক্ষুদ্ৰান্ত অংশত পাচন কার্য সম্পূর্ণ হয়।

d) মানুহৰ পাচন নলীৰ কোন অংশৰপৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয় ?

উত্তৰঃ ক্ষুদ্রান্ত্ৰৰ পৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয়।

e) মানুহৰ জিভাত থকা স্বাদকলিবোৰৰ কাৰ্য কি ?

উত্তৰঃ মানুহৰ জিভাত থকা স্বাদকলিবোৰৰ কাৰ্য হল খাদ্যৰ সোৱাদ লোৱা।

5. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা :

a) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ কি কি?

উত্তৰ: এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য হ’ল- দুয়োটাই অন্তঃগ্রহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে । বৈসাদৃশ্যহল:- মানুহৰ খাদ্য হজম হয় ক্ষুদ্রান্ত্ৰত আৰু এমিবাৰ খাদ্য হজম হয় খাদ্যৰিক্তিকাত।

b) পাগুলি খোৱা মানে কি বুজা ?

উত্তৰঃ যিবোৰ প্ৰাণীয়ে পাগুলা খাদ্য মুখলৈ পুনৰাই ঘুৰাই আনি সম্পূৰ্ণভাৱে চোবাই গিলি থ’ব পাৰে সেই প্ৰাণী বিলাক পাগুলি খোৱা বা ৰোমন্থক বুলি কোৱা হয় ।

c) এমিবাৰ খাদ্য গ্রহণ প্ৰণালী বর্ণনা কৰা ?

উত্তৰঃ এমিবাই খাদ্য বস্তুৰ সংস্পৰ্শলৈ আহিলে তাৰ দুটা কূটপদ উলিয়াই খাদ্যবস্তুটো আৱৰি ধৰে আৰু লাহে লাহে কূটপদ দুটাৰ অগ্ৰভাগ লগ লাগি খাদ্যবস্তুটো খাদ্য গহ্বৰ সোমাই পৰে। এনেধৰে এমিবাই খাদ্য গ্ৰহণ কৰে।

d) মানুহৰ ছেদক আৰু কৃন্তক দাঁতৰ কাৰ্য কি কি ?

উত্তৰঃ মানুহৰ ছেদক দাঁতে খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে কৃন্তক দাঁত কাটিবলৈ আৰু কামুৰিবলৈ ব্যৱহাৰ কৰা হয়।

e) প্ৰাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ বৰ্ণনা কৰা?

উত্তৰঃ প্ৰাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ সমূহ তলত উল্লেখ কৰা হ’ল-

  • ভক্ষণ (Ingestion) – খাদ্যবস্ত গ্ৰহণ কৰা কাৰ্য্যই হল ভক্ষণ। বিভিন্ন প্ৰাণীৰ খাদ্য গ্ৰহণৰ পদ্ধতি ভিন্‌ ভিন্‌ ।
  • পাচন (Digestion) – জটিল আৰু অদ্রবণীয় খাদ্যবস্তু দেহত সৰল আৰু দ্রৱণীয় অৱস্থালৈ পৰিৱৰ্তিত হয়। এই প্রক্রিয়াক পাচন বোলে।
  • অৱশোষণ ( Absorption)- পাচনৰ পাছত সৰল প্ৰৱণীয় খাদ্যবোৰ তেজত শোষিত হয় এই প্রক্রিয়াক অৱশোষণ বোলে।
  • স্বাংগীকৰণ (Assimilation) – অৱশোষিত হোৱা খাদ্যবোৰ দেহৰ কোষগুলে পৰিবাহিত হোৱা প্ৰক্ৰিয়াক স্বাংগীকৰণ বোলে।
  • বহিষ্কৰণ ( Egestion):- পাচন বা হজম নোহোৱা অলাগতিয়াল পদাৰ্থবোৰ শৰীৰে বাহিৰলৈ উলিয়াই দিয়ে। ইয়াকে বহিষ্কৰণ বোলে।
f) মানুৰ পাচন প্রক্রিয়াৰ বিষয়ে বুজাই লিখা?

উত্তৰ:- যি প্ৰক্ৰিয়াৰে জটিল আৰু অদ্ৰৱনীয় খাদ্যবস্তু দেহত সৰল আৰু দ্ৰৱনীয় অৱস্থালৈ পৰিবৰ্তিত হয় সেই প্রক্রিয়াক পাচন প্রক্রিয়া বুলি কোৱা হয়। মানুহৰ পাচন প্রক্রিয়াৰ লগত কেইবাবিধ আংগ জড়িত হৈ আছে এইবোৰ সমষ্টিয়েই হল পাচনতন্ত্ৰপাচন অংগবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে পাচন নালী আৰু পাচক গ্ৰন্থি। মানুহৰ পাচন নলীডাল দীঘল, পেশীযুক্ত আৰু পাকখোৱা। ইয়াৰ বিভিন্ন অংশ আছে। সেইবোৰ হ’ল- মুখ, মুখ গহ্বৰ, টেটু, গ্ৰাসনলী ,পাকস্থলী, ক্ষুদ্রান্ত্র, বৃহদ্রান্ত্ৰ আৰু পায়ু। এই নলীডাল আমাৰ মুখৰ পৰাই আৰম্ভ হৈ পায়ুত অন্ত হৈছে । আমি খোৱা খাদ্যবিলাক পাচন নলীডালেৰে আমাৰ দেহৰ ভিতৰলৈ গৈ হজম হয় আৰু অৱশিষ্ট অংশ পায়ুৰে বাহিৰ হৈ যায়। মানুহৰ পাকস্থলীৰ বেৰত থকা কিছুমান বিশেষ কোষে হাইড্ৰ’ক্ল’ৰিক এছিড নিঃসৰণ কৰে। এই হাইড্ৰ’ক্ল’ৰিক এছিড়ে আমি খোৱা খাদ্যত থকা ক্ষতিকাৰক বীজাণুবিলাক ধ্বংস কৰে। এই এছিডৰ বাবে পাকস্থলীৰ ভিতৰৰ মাধ্যম আম্লিক হয়। পাকস্থলীৰ বেৰত পাচক গ্রন্থিও আছে। এইবোৰে পাচক ৰস নি:সৰণ কৰে । ইয়াত আম্লিক মাধ্যমত প্ৰ’টিনৰ পাচন কাৰ্য্য আংশিকভাৱে সম্পাদন হয় । পাকস্থলীৰ শেষ মূৰৰ পৰা আৰম্ভ হোৱা পাকখোৱা দীঘল নলীসদৃশ অংশই হ’ল ক্ষুদ্রান্ত্ৰ । ক্ষুদ্রান্ত্ৰত মানুহৰ খাদ্য সম্পূর্ণ পাচন হয়।

g) মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁতৰ এটা বিৱৰণ দিয়া?

Ans:- মানুহৰ মুখৰ ভিতৰত মুঠতে চাৰি প্ৰকাৰৰ স্থায়ী দাঁত থাকে, i) কৃন্তক (incisor), ii) ছেদক (canine), iii) পুৰঃপেষক (premolar) আৰু iv) পেষক (molar) দাঁত।

  • i) কৃন্তক (Incisor) : প্রত্যেক হনুতে দুই যোৰা কৃম্ভক দাঁত থাকে। ইহঁতৰ ওলাই থকা অংশ চেপেটা বটালিৰ দৰে। কাটিবলৈ আৰু কামুৰিবলৈ এই দাঁত ব্যৱহাৰ হয়।
  • ii) ছেদক (Canine) : প্রত্যেক হনুতে এযোৰকৈ ছেদক দাঁত থাকে। ইহঁতৰ অগ্রভাগ জোঙা আৰু খাদ্য ছিঙিবলৈ ব্যৱহাৰ হয়। মাংসভোজী প্ৰাণীৰ ছেদক দাঁত জোঙা আৰু অতি উন্নত।
  • iii) পুৰঃপেষক (Premolar): প্রত্যেক হনুতে দুযোৰকৈ পুৰঃপেষক দাঁত থাকে। এইবোৰ দাঁত কৃম্ভক আৰু ছেদক দাঁততকৈ ডাঙৰ আৰু উপৰিভাগ বহল আৰু চেপেটা। প্রত্যেক হনুৰ দুইফালে দুটাকৈ পুনঃপেষক দাঁত থাকে। পুৰু পেষক দাঁতবোৰে খাদ্যবস্তুবোৰ গুড়ি কৰা আৰু চোবোৱাত সহায় কৰে।
  • iv) পেষক (Molar) : ঊর্দ্ধ আৰু নিম্ন হনু উভয়তে তিনিযোৰকৈ পেয়ক দাঁত থাকে। মানুহৰ সৰ্বমুঠ 12টা পেষক দাঁত থাকে। এইবিধ দাঁতৰো উপৰিভাগ পুৰঃপেষকৰ দৰে চেপেটা। খাদ্যবস্তু চোবাই মিহি কৰিবলৈ পেষক দাঁত ব্যৱহাৰ হয়।

class 7 science AJB all chapters question and answers 👈👈👈 click here

By IK

Hi, I'm Ibrahim khalilullah, Founder & CEO of EG Learner (Evergreen Learner). I have done my graduation (B.sc honours in Physics).