Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি Assam Jatiya Bidyalay Question and Answer Class 7 Science chapter 1 উদ্ভিদৰ পৰিপুষ্টি all questions and answer in Assamese Assam Jatiya Bidyalay উদ্ভিদৰ পৰিপুষ্টি class 7 science chapter 1 Assam jatiya bidyalay.

Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি প্রশ্নাৱলী

1.খালি ঠাই পূৰ কৰা ।

i ) সালােকসংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক _______ বোলে।

উত্তৰঃ সালােকসংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক স্বপোষী পৰিপুষ্টি বোলে।

ii ) ৰাফ্লেচিয়া এবিধ আন _______ পৰজীৱী।

উত্তৰঃ ৰাফ্লেচিয়া এবিধ আন মূল পৰজীৱী।

।ii ) বেংচটা এবিধ _______ ভেকুৰ।

উত্তৰঃ বেংচটা এবিধ মৃতজীৱি উদ্ভিদ ভেকুৰ।

iv ) সালোকসংশ্লেষণত _______ গেছ উৎপন্ন হয়।

উত্তৰঃ সালোকসংশ্লেষণত অক্সিজেন গেছ উৎপন্ন হয়।

v ) কলচী উদ্ভিদ এবিধ _______উদ্ভিদ।

উত্তৰঃ কলচী উদ্ভিদ এবিধ পতংগভোজী উদ্ভিদ।

2. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

i ) ৰ’দ মুকুতা এবিধ -a ) স্বপােষী উদ্ভিদ b ) পৰজীৱী উদ্ভিদ c ) পতংগভােজী উদ্ভিদ d ) মৃতজীৱী উদ্ভিদ

উত্তৰঃ পতংগভােজী উদ্ভিদ।

ii) মৃতজীৱী উদ্ভিদৰ উদাহৰণ হ’ল – a) কলচী উদ্ভিদ b) ম`ন`ট্ৰপা c) ৰাফ্লেচিয়া d) ৰ’দ মুকুতা

উত্তৰঃ ম`ন`ট্ৰপা।

iii ) পত্ৰহৰিতৰ বৰণ – a) ৰঙচুৱা b) সেউজীয়া c) মটীয়া d) কলা

উত্তৰঃ সেউজীয়া।

iv ) সালােকসংশ্লেষণত উৎপন্ন হােৱা জৈৱ পদার্থ হল— a) প্রটিন b) ভিটামিন c) গ্লুক`জ d) স্নেহপদার্থ

উত্তৰঃ গ্লুক’জ।

3. চমুকৈ উত্তৰ লিখা ;

i ) স্বপােষী আৰু পৰপােষী জীৱৰ পার্থক্য লিখাঁ।

উত্তৰঃ স্বপোষী জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় । আনহাতে পৰপোষী জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰশীল।

ii ) পাতক গছৰ ৰান্ধনি ঘৰ বুলি কিয় কোৱা হয় ?

উত্তৰঃ গছৰ পাতত সূৰ্যৰ পোহৰত আৰু পত্ৰহৰিতৰ উপস্থিতিত কাৰ্বন ডাইঅক্সাইড আৰু পানীৰ পৰা খাদ্য প্ৰস্তুত হয়। সেইকাৰণে পাতক গছৰ ৰান্ধনি ঘৰ বোলা হয়‌ আৰু‌‌ এই প্ৰক্ৰিয়াক সালোকসংশ্লেষন বোলে।

iii ) মৃতজীৱিতা কি ?

উত্তৰঃ কিছুমান জীৱই আন মৃত, গেলা-পচা জীৱৰ ওপৰত গজি তাৰপৰা আহাৰ শোষন কৰে। আহাৰৰ বাবে মৃত, গেলা-পচা জীৱৰ ওপৰত নিৰ্ভৰ কৰাকে মৃতজীৱিতা বোলে।

iv ) সালােকসংশ্লেষণৰ ৰাসায়নিক বিক্রিয়াটো লিখা ।

উত্তৰঃ

v ) সালােকসংশ্লেষণৰ কাৰকসমূহ উল্লেখ কৰা।

উত্তৰঃ সালোকসংশ্লেষণৰ কাৰকসমূহ হলঃ সূৰ্য্যৰ পোহৰ, পত্ৰহৰিৎ, কাৰ্বন ডাইঅক্সাই আৰু পানী।

4. উত্তৰ লিখা :

i) প্ৰাণী আৰু উদ্ভিদে কেনেকৈ খাদ্য সংগ্ৰাহ কৰে ?

উত্তৰঃ প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে সেইবাবে প্ৰাণীয়ে আন প্ৰাণী আৰু উদ্ভিদৰ পৰা সংগ্ৰহ কৰে। উদ্ভিদে সূৰ্যৰ পোহৰ আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।

ii ) সালােকসংশ্লেষণ প্রক্রিয়াটো চমুকৈ ব্যাখ্যা কৰাঁ ।

উত্তৰঃ পাতত পত্ৰহৰিৎ নামৰ ৰঞ্জক পদাৰ্থ থাকে। উদ্ভিদে দিনৰ ভাগত সূৰ্য্যৰ পোহৰ, বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহন কৰে, আৰু শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষন কৰে। এইবোৰৰ সহায়ত উদ্ভিদে পত্ৰহৰিৎৰ দ্বাৰা পাতত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোক সালোকসংশ্লেষন বোলা হয়। এই প্ৰক্ৰিয়াত খাদ্যৰ লগতে অক্সিজেন উৎপন্ন হয়। এই অক্সিজেন গেছ পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুমণ্ডললৈ এৰি দিয়ে।

iii ) জীৱৰ পৰিপুষ্টিৰ প্ৰকাৰসমূহ লিখা ।

উত্তৰঃ জীৱৰ পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ–স্বপোষী পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি।

স্বপোষী পৰিপুষ্টি:– যি পৰিপুষ্টিত জীৱই নিজৰ আহাৰ‌ নিজে প্ৰস্তুত কৰে তাক স্বপোষী পৰিপুষ্টি বুলি কোৱা হয়।

পৰপোষিত পৰিপুষ্টি:- যি পৰিপুষ্টিত জীৱই নিজৰ আহাৰ‌ নিজে প্ৰস্তুত কৰিব নোৱাৰে তাক পৰপোষিত পৰিপুষ্টি বুলি কোৱা হয়।

iv ) পৰজীৱী হিচাপে আকাশীলতা উদ্ভিদৰ বিষয়ে লিখা ।

উত্তৰঃ আকাশীলতা হৈছে হালধীয়া ৰঙৰ এবিধ লতাজাতীয় উদ্ভিদ। ইয়াত পত্ৰহৰিৎ পৰজীৱী হিচাপে নথকা বাবে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তত কৰিব নোৱাৰে। সেইবাবে ইহঁতে আন গছৰ ওপৰত বগাই আগুৰি ধৰে। এক বিশেষ ধৰনৰ শিপাৰে পোষক উদ্ভিদজোপাৰ পৰা খাদ্য শোষণ কৰে।

v ) পৰপােষী উদ্ভিদৰ প্ৰধান ভাগকেইটাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ পৰপোষী উদ্ভিদৰ প্ৰধান ভাগকেইটা হৈছে :- পৰজীৱী, মৃতজীৱী, পতংগভোজী আৰু সহজীৱী।

পৰজীৱী উদ্ভিদঃ– ইহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে। এক বিশেষ শিপাৰে পোষক উদ্ভিদৰ পৰা খাদ্য শোষণ কৰে। উদাহৰণ – ৰাফ্লেচিয়া

মৃতজীৱী উদ্ভিদঃ– ইহঁতে গেলা-পচা, আন মৃত জীৱৰ ওপৰত গজি তাৰপৰা আহাৰ আহৰণ কৰে। উদাহৰণ – কাঠফুলা

পতংগভোজী উদ্ভিদ:- এনে ধৰনৰ উদ্ভিদে পতংগৰ দেহৰপৰা নাইট্ৰ’জেনজাতীয় পদাৰ্থ আহৰন কৰে। উদাহৰণ – কলচী উদ্ভিদ।

সহজীৱী উদ্ভিদ:- কিছুমান উদ্ভিদে আন জীৱৰ লগত একেলগে থাকি পৰস্পৰ উপকৃত হৈ জীয়াই থাকে। তেনে উদ্ভিদক সহজীৱী উদ্ভিদ বুলি কোৱা হয়। উদাহৰণ – লাইকেন।

Class 7 Science Chapter 1 শৰীৰত খাদ্যৰ ব্যবহাৰ

অতিৰিক্ত প্রশ্নোত্তৰ

By IK

Hi, I'm IK, Founder & CEO of EG Learner (Evergreen Learner). I have done my graduation (B.sc honours in Physics).