Class 5 Science Chapter 3 গছৰ বিভিন্ন অংশ Assam Jatiya Bidyalay Question and Answer Class 5 Science chapter 3 গছৰ বিভিন্ন অংশ all questions and answer Assam Jatiya Bidyalay গছৰ বিভিন্ন অংশ all MCQ questions and answers class 5 science chapter 3 Assam jatiya bidyalay.

Assam Jatiya Bidyalay Class 5 Science Chapter 3 গছৰ বিভিন্ন অংশ

অতিৰিক্ত প্রশ্নোত্তৰ

1. ভ্রূণ কি?

উত্তৰঃ গুটিৰ ভিতৰত অপৈনত আৰু তেনেই সৰু গছৰ সঁচ থাকে। ইয়াক ভ্রূণ বোলে।

2. ভ্রূণৰ অংশ কেইটা আৰু কি কি?

উত্তৰঃ ভ্রূণৰ অংশ দুটা —> ভ্রূণমূল (Radicle) আৰু জন্মকাণ্ড (Plumule)

3. জন্মকাণ্ড কাক বোলে?

উত্তৰঃ বীজৰ অংকুৰণ হওঁতে ভ্ৰণৰ যি অংশ পোহৰ ফালে বাঢ়ি যায়, এই অংশক জন্মকাণ্ড বোলে।

4. শিপা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ শিপা তিনি প্ৰকাৰৰ:- ঘাই শিপা, শাখা শিপা আৰু চুলি শিপা।

5. শিপাৰ কাম কি ?

উত্তৰঃ শিপাৰ সহায়ত গছে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয়। শিপাই খোপনি পুতি গছডাল ধৰি ৰাখে।

6. বীজপত্ৰ কি?

উত্তৰঃ জন্মকাণ্ডডালত লাগি থকা পাতক বীজপত্ৰ বোলে।

7. পত্ৰৰন্ধ কি?

উত্তৰঃ উদ্ভিদৰ পাতত থকা সৰু সৰু বিন্ধাবোৰক পত্ৰৰন্ধ বোলি কোৱা হয়।

8. পত্ৰৰন্ধৰ কাম কি ?

উত্তৰঃ পত্ৰৰন্ধ উদ্ভিদক শ্বাস- প্ৰশ্বাসত সহায় কৰে। উদ্ভিদে পত্ৰৰন্ধৰ জৰিয়তে খাদ্য প্রস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে আৰু খাদ্য প্ৰস্তুত কৰোতে খাদ্যৰ লগতে অক্সিজেনো উৎপন্ন হয়। পত্ৰৰন্ধ্ৰৰ মাজেৰে এই অক্সিজেন বাহিৰলৈ ওলাই দিয়ে।

9.কার্বহাইড্রেট কি ?

উত্তৰঃ সালোক-সংশ্লেষণত তৈয়াৰ হোৱা খাদ্যক কার্বহাইড্রেট বোলে।

10. উদ্ভিদে খাদ্য প্রস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম কি ?

উত্তৰ: উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম সালোক-সংশ্লেষণ।

11. নতুন গছৰ জন্ম কেনেকৈ হয় ?

উত্তৰঃ গছৰ ফুলৰ পৰা গুটি বা বীজ হয়। গুটিত থকা ভ্রূণৰ পৰা নতুন গছ হয়।

12. কি গছে শিপাত খাদ্য বস্তু জমা কৰি ৰাখে?

উত্তৰ: আমি পাচলি হিচাপে খোৱা গাজৰ, মূলা, চালগোম আদি শিপাত খাদ্য বস্ত জমা কৰি ৰাখে। প্রকৃততে উক্ত পাচলি বোৰ গছৰ শিপাহে।

13. ফুলৰ পুংকেশৰবোৰ কি ?

উত্তৰঃ পুংকেশৰবোৰ পাতল মিহি ঠাৰিৰে দৰে কিছুমান অংশ। পুংকেশৰৰ মূৰটো অলপ উফন্দা। পুংকেশৰ এই অংশটোক পৰাগধানী বোলে। পৰাগধানীত হালধীয়া বৰণৰ পৰাগ ৰেণুবোৰ উৎপন্ন হয়।

14. গৰ্ভকেশৰ কি ?

উত্তৰ:- ফুলৰ একেবাৰে সোঁমাজত থকা অংশটো হল গর্ভকেশর। ই পাতল মিহি ঠাৰিৰে দৰে এটা অংশ।

15 গৰ্ভমুণ্ড কি?

উত্তৰ– গৰ্ভকেশৰৰ মূৰটো অলপ আঠালেতীয়া। ইয়াক গৰ্ভমুণ্ড বোলে।

16. প্রস্বেদন কি ?

উত্তৰ: শিপাই শুহি লোৱা পানী গছে ব্যৱহাৰ কৰাৰ পাছত কিছু পানী পত্ৰৰন্ধ্ৰৰ মাজেৰে বাষ্প আকাৰত ওলাই যায়। এই প্ৰক্ৰিয়াক প্রস্বেদন বোলে।

প্ৰশ্নাৱলী

১) ভ্রূণৰ অংশ দুটা কি? বীজৰ অংকুৰণত কোনটো অংশ কোনফালে বাঢ়ে?

উত্তৰঃ ভ্রূণৰ অংশ দুটা হৈছে ভ্রূণমূল আৰু জন্মকাণ্ড। বীজৰ অংকুৰণত ভ্রূণমূলটো মাটিৰ পিনে তিললৈ বাঢ়ে আৰু জন্মকাণ্ডডাল পোহৰৰ ফালে বাঢ়ে।

২) বীজৰ অংকুৰণত ভ্ৰণমূল আৰু জন্মকাণ্ড কোন কোন দিশত বাঢ়ে দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা?

উত্তৰঃ এটা ভাল উৰহী গুটি এদিন পানীত তিয়াই থোৱা হ’ল। এটুকুৰা ব্লটিং পেপাৰ চুঙাৰ দৰে মেৰিয়াই লৈ। অলপ বহল মুখৰ বটল এটাৰ ভিতৰত থিয় কৈ সুমুয়াই দিয়া হ’ল। তিয়াই থোৱা উৰহীৰ গুটিটো ব্লটিং পেপাৰ আৰু বটলৰ ভিতৰবেৰৰ মাজত থোৱা হ’ল। পানী ছটিয়াই ব্লটিং পেপাৰখন তিওৱা হ’ল। ৩/৪ দিনৰ পিছত গুটিৰ পৰা ভ্রূণমূলডাল উলাই মাটিৰ তলৰ পিনে বাঢ়ে। আৰু জন্মকাণ্ডডালো ওলাই পোহৰৰ ফালে বাঢ়ে।

3) পৰাগযোগ কাক বোলে? পৰাগযোগৰ বাবে ফুলে কি কি ব্যৱস্থা গ্ৰহণ কৰে?

উত্তৰঃ পুংকেশৰৰ পৰা পৰাগৰেণু আহি গৰ্ভকেশৰৰ গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বোলে।পৰাগযোগৰ বাবে ফুলবোৰৰ চুপহি থাকে। চুপহিবোৰত ৰং-বিৰঙৰ পাহি থাকে। এই পাহিবোৰে পৰাগযোগৰ বাবে পখিলাক আকৰ্ষণ কৰে।

৪) কাণ্ডৰ মাজেৰে পানী গছৰ সকলো অংশলৈ যায়। তাকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা?

উত্তৰঃ গিলাচত পানী লৈ দুটাত কেইটোপালমান ৰঙা চিয়াঁহী আৰু দুটাত সেউজীয় চিয়াঁহী মিহলোৱা হ’ল। ঠাৰিৰে সৈতে তিনিটা বগা ৰঙৰ ফুল যোগাৰ কৰা হ’ল। ঠাৰিৰে সৈতে দুটা ৰঙা আৰু সেউজীয়া পানীৰ গিলাচ দুটাত থোৱা হ’ল। তৃতীয় ফুলৰ ঠাৰিডাল দীঘে দীঘে ব্লেডেৰে আধালৈকে কাটি দুফাল কৰি লোৱা হল । বাকী দুটা গিলাচ ওচৰা উচৰিকৈ থৈ এইটো ফুলৰ এফাল ঠাৰি এটা গিলাচত আৰু আনটো ফাল আনটো গিলাচত থোৱা হ’ল। লাহে লাহে ফুলৰ ৰং সলনি হ’ল। এটা ফুলৰ পাহিবোৰ সেউজীয়া হ’ল এটাৰ পাহিবোৰ ৰঙা হ’ল। তৃতীয়টো ফুলৰ পাহিত দুয়োটা ৰঙৰ সমাৱেশ ঘটিল।

5) ফুলৰ ছবি এখন আঁকি বিভিন্ন আংশ দেখুৱা?

উত্তৰ

class 5 science AJB all chapters question and answers 👈👈👈 click here

By IK

Hi, I'm Ibrahim khalilullah, Founder & CEO of EG Learner (Evergreen Learner). I have done my graduation (B.sc honours in Physics).