Class 5 Science Chapter 2 জীৱ আৰু পৰিৱেশ‌‌ Assam Jatiya Bidyalay Question and Answer Class 5 Science chapter 2 জীৱ আৰু পৰিৱেশ‌‌ all questions and answer Assam Jatiya Bidyalay জীৱ আৰু পৰিৱেশ‌‌ all MCQ questions and answers class 5 science chapter 2 Assam jatiya bidyalay.

Class 5 Science chapter 2 জীৱ আৰু পৰিৱেশ‌‌

প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰ

১) পৰিৱেশ বুলিলে কি বুজা যায় লিখাঁ ।

উত্তৰঃ আবাস আৰু ইয়াৰ চাৰিওফালৰ অৱস্থাক পৰিৱেশ বোলে।

২) পানীত হােৱা উদ্ভিদৰ শিপাবােৰ কেনেকুৱা?

উত্তৰঃ পানীত হোৱা উদ্ভিদৰ শিপাবোৰ চুটি,কোমল আৰু থোপা বান্ধি থাকে।

৩) অভিযােজন বুলিলে কি বুজা লিখা।

উত্তৰঃ সকলো জীৱই বিভিন্ন উপায় বা কৌশলৰ সহায়ত নিজৰ পৰিৱেশৰ লগত খাপ খাবলৈ চেষ্টা কৰে। পৰিৱেশৰ লগত খাপ খাবলৈ লোৱা এই উপায় বা কৌশলক অভিযােজন বোলে।

৪) পানীত হােৱা উদ্ভিদবােৰে ওপঙি থাকিবলৈ কি অভিযােজন কৰে?

উত্তৰঃ পানীত হোৱা উদ্ভিদবোৰ ওপঙি থাকিবলৈ পাতৰ থাৰি কোমল আৰু ওফন্দি উঠা হয়। ইয়াত বায়ু সোমাই থাকে বাবে মেটেকা পানীত সহজে ওপঙি থাকিব পাৰে। এই ধৰণৰ উদ্ভিদৰ শিপাবোৰ থোপ খাই থাকে।

৫) মাছে পানীত চলাচল কৰিবলৈ কিয় সুচল পায়?

উত্তৰঃ মাছৰ গাটো চেপেটা, মাজভাগ বহল। মূৰ আৰু নেজৰ ফালে চিঞা, ঠেক। মাছৰ গাৰ গঠন নাও এখনৰ গঠনৰ লগত মিলে। গোটেই দেহটো বাকলিৰে আবৃত। কিছুমান মাছৰ বাকলি নাথাকে। এনে মাছৰ ছালখন ডাঠ। গাৰ গঠনৰ বাবেই মাছে পানীত চলাচল কৰিবলৈ সহজ পায়।

৬) হাঁহৰ ঠেঙৰ আঙুলিবােৰ পাতল ছালেৰে জোৰা লগা। এনেদৰে পতা লাগি নথকা হ’লে কি অসুবিধা হ’লহেঁতেন?

উত্তৰঃ হাঁহৰ ঠেঙৰ আঙুলিবােৰ পাতল ছালেৰে জোৰা লগা। এনেদৰে পতা লাগি নথকা হ’লে হাঁহে পানীৰ ওপৰত সহজে আগুৱাই যাব নোৱাৰিলেহেতেন।

৭) উটৰ কুঁজটোৰ উপযোগিতা কি?

উত্তৰঃ

উট মৰুভূমিত থাকে। মৰুভূমিত খোৱা বস্তু আৰু পানী সহজে নাপায়। উটৰ কুঁজটোত প্ৰচুৰ পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখে। বহুদিন মৰুভূমিত পানী আৰু খাদ্য নাপালেও কুঁজটোত জমা ৰখা পানী আৰু চৰ্বী ব্যৱহাৰ কৰি উটে ঘূৰি ফুৰিবলৈ শক্তি পায়।

৮) পৰ্বতৰ প্ৰাণীবোৰৰ গাত দীঘল নোম কিয় থাকে?

উত্তৰঃ পৰ্বতৰ অতিপাত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ পৰ্বতৰ প্ৰাণীবোৰৰ গাত দীঘল নোম থাকে।

৯) তিনিবিধ বাকলি থকা আৰু তিনিবিধ বাকলি নথকা মাছৰ নাম লিখা।

উত্তৰঃ

তিনিবিধ বাকলি থকা মাছৰ নাম হৈছে – ৰৌ, মিৰিকা আৰু পুঠি। আৰু তিনিবিধ বাকলি নথকা মাছৰ নাম হৈছে – বৰালি, মাগুৰ আৰু শিঙৰা।

১০) কিছুমান পোক-পৰুৱাই পানীৰ ওপৰেদি কিয় সহজে অহা-যোৱা কৰিব পাৰে?

উত্তৰঃ

পোকবোৰৰ ঠেংবোৰ গঠন বিশেষ ধৰণৰ। ঠেংবোৰ দীঘল আৰু সিহঁতে ঠেংকেইখন বঠাৰ দৰে ব্যৱহাৰ কৰে। সেইবাবে কিছুমান পোক-পৰুৱাই পানীত পুখুৰীৰ পানীত ডুব নোযোৱাকৈ সহজে চলা-ফিৰা কৰিব পাৰে।

১১) ভেঁকুৰে কিয় নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে?

উত্তৰঃ ভেঁকুৰৰ শৰীৰত হৰিৎকণা বা ক্লৰফিল নথকাৰ বাবে ভেঁকুৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে।

১২) কেকটাছৰ পাতবোৰ কাইটলৈ ৰূপান্তৰ হোৱাৰ কৰাণ কি?

উত্তৰঃ

মৰুভূমিত পানীৰ অভাৱ হোৱাৰ বাবে কেকটাছে নিজৰ শৰীৰত যথেষ্ট পৰিমাণে পানী জমা কৰি ৰাখে। মৰুভূমিত থকা জন্তুৱে যাতে কেকটাছ গছডাল ভক্ষণ কৰিব নোৱাৰে, সেইবাবে কেকটাছৰ পাতবোৰ কাইটলৈ ৰূপান্তৰ হয়।

class 5 science AJB all chapters question and answers 👈👈👈 click here

By IK

Hi, I'm IK, Founder & CEO of EG Learner (Evergreen Learner). I have done my graduation (B.sc honours in Physics).