Assam Jatiya Bidyalay Class 8 science chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক questions and answers, Assam Jatiya Bidyalay Class 8 science chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক MCQ in Assamese Assam Jatiya Bidyalay

প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰ Assam Jatiya Bidyalay Class 8 science chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক ।

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) কোনবিধ সম্পূর্ণৰূপে সাংশ্লেষিক আঁহ নহয়?

a) নাইলন b) ৰেয়ন c) পলিয়েষ্টাৰ d) এক্রাইলিক

উত্তৰ– b) ৰেয়ন।

ii) তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ হ’ল –a) বহুযোগী 6-6 b) এডিপিক এছিড C) মেলামাইন d) পলিয়েষ্টাৰ

উত্তৰঃ c) মেলামাইন।

iii) সাংশ্লেষিক আঁহবোৰ হ’ল- a) সৰলৰৈখিক শৃংখল বহুযোগী b) শাখা শৃংখলযুক্ত বহুযোগী c) ক্রছ-সংলগ্ন বহুযোগী d) একযোগী

উত্তৰঃ a) সৰলৰৈখিক শৃংখল বহুযোগী।

iv) প্রথম আবিষ্কৃত পলিয়েষ্টাৰবিধ হ’ল— a) PET b) অৰল’ন c) বহুযোগী 6-6 d) এষ্টাৰ

উত্তৰঃ a) PETv) গৰমকালি কোনবিধ কাপোৰ আৰামদায়ক হয়?

a) কপাহী b) নাইলন c) পলিয়েষ্টাৰ d) এক্রাইলিক

উত্তৰঃ a) কপাহী।

2. খালী ঠাই পূৰ কৰা

i) ৰেয়ন আঁহ ____ পৰা প্ৰস্তুত কৰা হয়।

উত্তৰঃ‌‌ ৰেয়ন আঁহ চেলুলজৰ পৰা প্ৰস্তুত কৰা হয়।

ii) বহুযোগী 6-6 নামৰ নাইলনবিধৰ একযোগী হ’ল ____ আৰু ________।

উত্তৰঃ বহুযোগী 6-6 নামৰ নাইলনবিধৰ একযোগী হ’ল এডিপিক এছিড আৰু হেক্সামিথিলিন ডাইমাইন

iii) ____নামৰ সাংশ্লেষিক আঁহবিধ উণ আঁহৰ দৰে৷

উত্তৰঃ এক্রাইলিক নামৰ সাংশ্লেষিক আঁহবিধ উণ আঁহৰ দৰে৷

iv) যিমান বল প্রয়োগ কৰিলে সূতা এডাল ছিগে তাকে সূতাডালৰ টান ________ ভাবিব পাৰি।

উত্তৰঃ যিমান বল প্রয়োগ কৰিলে সূতা এডাল ছিগে তাকে সূতাডালৰ টান প্ৰতিৰোধী ক্ষমতা বুলি ভাবিব পাৰি।

v) ________প্লাষ্টিক চনকা।

উত্তৰঃ ক্রছ-সংলগ্ন প্লাষ্টিক চনকা।

vi) পানী, শীতল পানীয় আদি ৰখা বটলবোৰ সাধাৰণতে ____ নামৰ প্লাষ্টিকেৰে তৈয়াৰী।

উত্তৰঃ পানী, শীতল পানীয় আদি ৰখা বটলবোৰ সাধাৰণতে PET নামৰ প্লাষ্টিকেৰে তৈয়াৰী।

3. সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰৰ সুবিধাসমূহ বৰ্ণনা কৰা ।

উত্তৰ– সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰৰ সুবিধাসমূহ-প্ৰাকৃতিক আঁহৰ তুলনাত সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰ বেছিদিন টিকে। সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰ জলাভেদ্য হোৱাৰ বাবে ইহঁতক ছাতিৰ কাপোৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰত পোক নধৰে। সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰত সহজে দাগ নালাগে।

4. সাংশ্লেষিক আঁহৰ অসুবিধাসমূহ বৰ্ণনা কৰা।

উত্তৰঃ সাংশ্লেষিক আঁহৰ অসুবিধাসমূহ হৈছে -তাপ পালে সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰবোৰ নষ্ট হ’ব পাৰে।সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰ ঘাম শুহি লব নোৱাৰে। সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰ জৈৱ-পচনক্ষম নহয়। সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰ পৰিবেশ প্ৰদূষণৰ সৃষ্টি কৰে।

5. আঁহৰ টান প্ৰতিৰোধী ক্ষমতা কেনেদৰে জুখিব পাৰি লিখা।

উত্তৰঃ যিমান বল প্রয়োগ কৰিলে সূতা এডাল ছিগে তাকে সূতাডালৰ টান প্ৰতিৰোধী ক্ষমতা বুলি কোৱা হয়। আঁহ এডালৰ টান প্ৰতিৰোধী ক্ষমতা জুখিবৈ এডাল ষ্টেণ্ড আৰু কিছুমান দগা লাগিব। আঁহ বা সূতাডালৰ এটা মূৰ ষ্টেণ্ডডালত বান্ধি আনটো মূৰত থাল এখন বান্ধি ওলমাই ৰাখি দগাৰ সহায়ত আমি আঁহৰ টান প্ৰতিৰোধী ক্ষমতা জুখিব পাৰি।

6. ৰেয়ন আঁহ কিয় সম্পূৰ্ণৰূপে সাংশ্লেষিক আহ নহয় লিখা।

উত্তৰঃ ৰেয়ন আঁহ প্ৰাকৃতিক আঁহৰ পৰিৱৰ্তিত ৰূপহে। উদ্ভিদৰ পৰা চেলুল’জ আহৰণ কৰি ইয়াক বিভিন্ন ৰাসায়নিক পৰিৱৰ্তিত ঘটাই ৰেয়ন আঁহ প্ৰস্তুত কৰা হয় । সেয়েহে ৰেয়ন আঁহ সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয়।

7. তোমাক এটুকুৰা কাপোৰ দিয়া হৈছে। কাপোৰ টুকুৰা প্ৰাকৃতিক নে সাংশ্লেষিক কেনেদৰে প্ৰমাণ কৰিবা?

উত্তৰ– কাপোৰৰ টুকুৰাটো পানী শুহি ললে হব প্ৰাকৃতিক আৰু যদি পানী শুহি নলয় তেনেহলে হব সাংশ্লেষিক।কাপোৰৰ টুকুৰাটোত জুই লগালে যদি পুৰি যায় তেন্তে হব প্ৰাকৃতিক আৰু যদি গলি যায় তেনেহলে হব সাংশ্লেষিক ।

৪. প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্ৰিয় হোৱাৰ কাৰণ বৰ্ণনা কৰা ।

উত্তৰঃ প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্ৰিয় হোৱাৰ কাৰণ হৈছে –প্লাষ্টিকৰ সামগ্ৰীবোৰ পাতল ।প্লাষ্টিকৰ সামগ্ৰী পাতল যদিও যথেষ্ট টান।প্লাষ্টিকৰ সামগ্ৰীৰ দাম তুলনামূলকভাৱে কমপ্লাষ্টিকত মামৰে নধৰে।প্লাষ্টিকৰ মাজেৰে বিদ্যুৎ প্রবাহিত নহয়।প্লাষ্টিকৰ সামগ্ৰী বিভিন্ন ৰঙৰ পাব পাৰি।

9. প্লাষ্টিক আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বিষয়ে চমুকৈ লিখা

উত্তৰঃ প্লাষ্টিকে বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰে। প্লাষ্টিকৰ আৱৰ্জনাক পুনৰ প্ৰয়োজনীয় সামগ্রীলে পৰিৱৰ্তিত কৰিব পাৰিলে প্লাষ্টিক আৱৰ্জনা কিছু পৰিমানে কমাব পাৰি। প্লাষ্টিক আৱৰ্জনাৰ ব্যৱস্থাপনৰ বাবে SR ধাৰণা সকলোৱে অৱলম্বন কৰা উচিত। 5R ধাৰণা হৈছে-Refuse, অর্থাৎ প্লাষ্টিকৰ ব্যবহাৰ এৰি চলা।Reduce, অর্থাৎ প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা।Reuse, অর্থাৎ প্লাষ্টিকৰ সামগ্ৰী পুনৰ ব্যৱহাৰ কৰা।Recycle, অর্থাৎ প্লাষ্টিকৰ পুনৰাবৰ্তন কৰা, আৰুRecover, অর্থাৎ প্লাষ্টিকৰ পুনৰুদ্ধাৰ কৰা

10. প্লাষ্টিকে পৰিৱেশ কেনেদৰে প্ৰদূষিত কৰে লিখা।

উত্তৰঃ প্লাষ্টিকবোৰ জীৱ-অবনমন অক্ষম। ফলত বায়ু, মাটি, পানী ইয়াৰদ্বাৰা প্ৰদুষিত হয়। প্লাষ্টিকৰ বস্তুবোৰ মাটিত পৰি থাকিলেও পচি নাযায়। ইয়াৰ ফলত মাটিৰ গুণাগুণ নাইকিয়া হৈ যায়। প্লাষ্টিকৰ প্ৰাত্ৰত থোৱা বস্তু খালে দেহৰ প্ৰচুৰ ক্ষতি সাধন হয়। প্রতি বছৰে জলভাগ আৰু স্থলভাগ থকা বহু প্রাণীয়ে প্লাষ্টিক খায় মৃত্যু বৰণ কৰা দেখা গৈছে। প্লাষ্টিকৰ আৱৰ্জনা মাটিটো পচি নাযায় আৰু এইবোৰ জ্বলালেও বিষাক্ত পদার্থ নিৰ্গত হৈ বায়ু প্ৰদূষণ কৰে। গতিকে প্লাষ্টিকে জীৱকূলৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে।

Assam Jatiya Bidyalay অতিৰিক্ত প্ৰশ্নৰ উত্তৰ Assam Jatiya Bidyalay

By IK

Hi, I'm Ibrahim khalilullah, Founder & CEO of EG Learner (Evergreen Learner). I have done my graduation (B.sc honours in Physics).