Assam Jatiya Bidyalay Class 8 science chapter 2 অণুজীৱ questions and answers, Assam Jatiya Bidyalay Class 8 science chapter 2 অণুজীৱ MCQ in Assamese Assam Jatiya Bidyalay class 8 science chapter 2

অতিৰিক্ত প্রশ্নোত্তৰ

1 .জীৱ বুলিলে কি বুজা?

Ans:- যাৰ প্ৰাণ আছে আৰু জীয়াই থাকিবলৈ খাদ্য খায় তাকেই জীৱ বোলে । উদাহৰণ:- মানুহ, গৰু, ছাগলী

2. জড় বুলিলে কি বুজা?

Ans:- যাৰ প্ৰাণ নাই অৰ্থাৎ মৃত তাকে জড় বুলি জনা কোৱা হয়। উদাহৰণ:- কলম, কিতাপ,

3.অণুজীৱ( microorganisms) বুলিলে কি বুজা?

Ans:- আমি খালি চকুৰে দেখিব নোৱাৰা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবোৰকে অণুজীৱ বুলি কোৱা হয়। ইয়াক আমি খালি চকুত দেখিব নোৱাৰি কিন্তু আমি ইয়াক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখিব পাৰি।

4. অণুজীৱৰ ভাগ কেইটা আৰু কি কি? প্ৰত্যেকৰে বিষয়ে লিখা?

Ans:- অণুজীৱ ভাগ চাৰিটা:- i) বেক্টেৰিয়া ( bacteria) ii) ভেঁকুৰ ( Fungi) iii) আদ্যপ্ৰাণী ( Protozoa) iv) শেলাই (Algae)i)বেক্টেৰিয়া:-ii)ভেঁকুৰ:-iii)ভাইৰাছ:-iv)শেলাই:-

5. ভাইৰাছ (Virus) ৰ বিষয়ে লিখা?

Ans:- ভাইৰাছ আন অণুজীৱতকৈ পৃথক। ইহতে উদ্ভিদ, প্ৰাণী আৰু বেক্টেৰিয়াৰ দেহত কাৰ্য্যক্ষম হৈ থাকে। তেনে প্ৰাণী,

6. ভাইৰাছজনিত কিছুমান ৰোগৰ উদাহৰণ দিয়া?

Ans: প’লিঅ’, মাজু আই, পানীলগা

7. অণুজীৱ কত বাস কৰে?

Ans অণুজীৱ যিকোনা পৰিবেশত বাস কৰিব পাৰে। বৰফৰ শীতল অঞ্চলৰ পৰা গৰম পানীৰ উহলৈকে- সকলো স্থানেই ইহঁতৰ বাসস্থান।

8. অণুজীৱৰ ব্যৱহাৰ কেই প্ৰকাৰ ভগাব পাৰি। প্ৰত্যেকৰ বিষয়ে লিখা?

Ans:- অণুজীৱৰ ব্যৱহাৰ চাৰিটা ভাগত ভগাব পাৰি -i) ব্যবসায় ii) চিকিৎসা iii) কৃষিক্ষেত্ৰত iv) পৰিৱেশ

i) ব্যবসায়:-

ii)চিকিৎসা:-

iii)কৃষিক্ষেত্ৰত:-

iv)পৰিৱেশ:-

9. ভেকচিন (Vaccine)কি?

Ans:- ভেকচিন হৈছে এক প্ৰকাৰৰ ঔষধ যিয়ে প্ৰাণী বা উদ্ভিদৰ দেহত প্ৰতিৰক্ষী পদাৰ্থ (Antibodies) সৃষ্টি কৰে।ফলত শৰীৰত ৰোগ প্ৰতিৰোধকাৰী শক্তি জন্মে যাৰ বাবে শৰীৰটোৱে বেমাৰৰ জীৱাণুক প্ৰতিহত কৰে।

Q. জৈৱ নাইট্ৰজেন স্থিৰীকৰণ কি?

Ans:- কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গ্ৰহণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে। ফলত মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি হয়। এই প্ৰক্রিয়াটোক জৈৱ নাইট্ৰজেন স্থিৰীকৰণ বুলি কোৱা হয়।

Q নাইট্ৰজেন স্থিৰীকৰণ কি?

Ans:- বায়ুৰ পৰা বেক্টেৰিয়াই নাইট্ৰজেন গ্ৰহণ কৰি মাহজাতীয় উদ্ভিদক যোগান ধৰা প্রক্রিয়াটোক নাইট্ৰজেন স্থিৰীকৰণ বুলি কোৱা হয়।

Q বীজাণু কি?

Ans কিছুমান অণুজীৱই মানুহ, আন প্ৰাণী আৰু উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে। এই ৰোগ সৃষ্টিকাৰী অনুজীৱবোৰক বীজাণু বুলি কোৱা হয়।

Q সোঁচৰা ৰোগ কি?

Ans:- বায়ু, পানী, খাদ্য আৰু শাৰিৰীক সংস্পৰ্শৰ জৰিয়তে এজন ৰোগাক্ৰান্ত ব্যক্তিৰ পৰা আন এখন স্বাস্থ্যবান ব্যক্তিৰ দেহলৈ সংক্ৰমিত হোৱা ৰোগক সোঁচৰা ৰোগ (Communicable ) বোলে । উদাহৰণ:- মাজু আই, কলেৰা, ক’ৰোণা।

Assam Jatiya Bidyalay Class 8 Science Chapter 2 অণুজীৱ প্ৰশ্নাৱলী

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) ইষ্ট ব্যৱহাৰ কৰি উৎপাদন কৰা পদার্থবিধ হ’ল- a) চেনি b) সুৰা c) অক্সিজেন d) হাইড্রক্লৰিক এছিড ।

উত্তৰ:- b) সুৰা।

ii) তলত দিয়াসমূহৰ কোনটো প্ৰতিজৈৱিক

a) ছডিয়াম বাইকার্বনেট b) ষ্ট্ৰেপট’মাইচিন c) সুৰা d) ইষ্ট

উত্তৰঃ b) ষ্ট্ৰেপট’মাইচিন।

iii) মেলেৰিয়াৰ বীজাণু প্ৰ’ট’য’ৱাটোৰ বাহক হল-a) মাখি b) পখিলা C) মাইকী এন’ফিলিছ মহ d) পঁইতাচোৰা

উত্তৰঃ c) মাইকী এন’ফিলিছ মহ ।

iv) সোঁচৰা ৰোগসমূহৰ অতি উল্লেখনীয় বাহক হ’ল a) পৰুৱা b) মাখি c) মকৰা d) জিঞা পোক

উত্তৰঃ b) মাখি

।v) পাউরুটিৰ মণ্ড ফুলি উঠাৰ কাৰণ হ’ল- -(a) তাপ b) হাতেৰে খচা c) ইষ্টৰ বৃদ্ধি d) গুৰি কৰা

উত্তৰঃ C) ইষ্টৰ বৃদ্ধি।

2. খালী ঠাই পূৰ কৰা

i) অণুজীৱ চাবলৈ হ’লে আমাক ________ লাগে।

উত্তৰঃ অণুজীৱ চাবলৈ হ’লে আমাক অনুবীক্ষণ যন্ত্র লাগে।

ii) নীলা-সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে ________ সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

উত্তৰঃ নীলা-সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে নাইট্ৰ’জেন সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

iii) ________ ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।

উত্তৰঃ ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।

iv) কলেৰা বেমাৰটো ________ দ্বাৰা সৃষ্টি হয়।

উত্তৰঃ কলেৰা বেমাৰটো বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয়।

v) ভাইৰাছক বংশ বৃদ্ধি কৰিবলৈ এটি ________ দৰকাৰ ।

উত্তৰঃ ভাইৰাছক বংশ বৃদ্ধি কৰিবলৈ এটি পোষকৰ দৰকাৰ ।

3. অণুজীৱ খালি চকুৰে চাব পাৰিনে? যদি নোৱাৰিব কেনেকৈ চাব পাৰি?

উত্তৰঃ অণুজীৱ খালি চকুৰে চাব নোৱাৰি। অণুজীৱ সমূহক আমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰোঁ।

4. অণুজীৱৰ প্ৰধান ভাগ কেইটা কি কি?

উত্তরঃ অণুজীৱৰ প্ৰধান ভাগ কেইটা হৈছ-

  • i) বেক্টেৰিয়া (bacteria)
  • ii) ভেঁকুৰ (Fungi)
  • iii) আদ্যপ্ৰাণী (Protozoa)
  • iv) কেতবোৰ শেলাই (Algae)

5. বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবোৰৰ নাম লিখা ?

উত্তৰঃ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবোৰৰ নাম হৈছে:- ৰাইজ’বিয়াম

6. দৈনন্দিন জীৱনত অণুজীৱৰ উপকাৰী ভূমিকাৰ সম্পর্কে দহশাৰীমান বাক্যত লিখা?

উত্তৰ:- মানুহে বিভিন্ন কামত অণুজীৱৰ ব্যৱহাৰ কৰি আহিছে। এই ব্যৱহাৰসমূহ চাৰি প্ৰকাৰত ভাগ কৰিব পাৰি – ব্যৱসায়, চিকিৎসা, কৃষিক্ষেত্ৰ আৰু পৰিৱেশত। লেক্টবেছিলাছ নামৰ এবিধ বেক্টেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে। চিজ প্ৰস্তুতকৰণতো এইবিধ বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। এনেদৰে বহুতো কামত অণুজীৱৰ ব্যৱহাৰ কৰা হয়। অসুখ হ’লে আমি গ্রহণ কৰা টেবলেট, কেপচুল বা ইনজেকছন সমূহ অণুজীৱৰ দ্বাৰা প্ৰস্তুত কৰা হয়।মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবৰ বাবে ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াবিধৰ ব্যৱহাৰ কৰা হয়। আমাৰ চৌপাশত পৰি থকা গেলা-পচা আৱৰ্জনাবোৰ অণুজীৱৰ সহায়ত পৰিষ্কাৰ কৰা হয়।

7.অণুজীৱৰ অপকাৰিতা সম্পর্কে এটি চমু টোকা লিখা?

উত্তৰঃ কিছুমান অণুজীৱই মানুহ, আন প্ৰাণী আৰু উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে। এই ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰক বীজাণু বোলে। কিছুমান অণুজীৱই আকৌ খাদ্যদ্রব্য, কাপোৰ আৰু চামৰা আদিৰো অনিষ্ট সাধন কৰে। বীজাণুবোৰে আমাৰ শৰীৰত উশাহ নিশাহ, খোৱা পানী আৰু আহাৰৰ জৰিয়তে প্ৰৱেশ কৰি ৰোগৰ সংক্ৰমণ ঘটায়। ৰোগাক্ৰান্ত মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলতো ৰোগৰ বীজাণু এজনৰ পৰা আনজনৰ গালৈ বিয়পিব পাৰে। উদাহৰণস্বৰূপে কলেৰা, সাধাৰণ পানীলগা, মাজু আই, যক্ষ্মা, ক’ৰোনা আদি।

8. ভাইৰাছৰ বংশ বৃদ্ধিৰ কাৰণে কিহৰ দৰকাৰ?

উত্তৰঃ ভাইৰাছৰ বংশ বৃদ্ধিৰ কাৰণে পোষকৰ দৰকাৰ ।

9. প্রতিজৈৱিক কি? প্রতিজৈৱিক ব্যৱহাৰৰ সময়ত কি সাৱধানতা ল’ব লাগে লিখা ?

উত্তৰঃ যিবোৰ দৰবে বেমাৰ সৃষ্টিকাৰী বীজাণুবোৰ ধ্বংস কৰে অথবা ইহঁতৰ বৃদ্ধি বন্ধ কৰে, সেইবোৰ দৰবক প্রতিজৈৱিক বোলে। প্ৰতিজৈৱিক ব্যৱহাৰৰ সময়ত লবগীয়া সাৱধানতাসমূহ হৈছে –

  • অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈহে ইয়াক সেৱন কৰিব লাগে।
  • প্রয়োজন নথকাকৈ বা ভুল মাত্রাত কেতিয়াও ইয়াক গ্রহণ কৰিব নালাগে।

By IK

Hi, I'm Ibrahim khalilullah, Founder & CEO of EG Learner (Evergreen Learner). I have done my graduation (B.sc honours in Physics).